Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб নৰা পেঁপা বজোৱা - অতীজৰ এবিধ জনপ্ৰিয় পৰম্পৰাগত খেল в хорошем качестве

নৰা পেঁপা বজোৱা - অতীজৰ এবিধ জনপ্ৰিয় পৰম্পৰাগত খেল 3 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



নৰা পেঁপা বজোৱা - অতীজৰ এবিধ জনপ্ৰিয় পৰম্পৰাগত খেল

#পৰম্পৰাগতখেল #জনপ্ৰিয়পৰম্পৰাগতখেলনৰাপেঁপাবজোৱা #নৰাপেঁপাবজোৱা #TraditionalSportsTV #Tsgnei.com নৰা পেঁপা বজোৱা পেঁপা অসমীয়া কৃষ্টি সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ। এই পেঁপাক আমাৰ সমাজত ল’ৰা-ছোৱালীয়ে খেলৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে। অৱশ্যে বিহু সংস্কৃতিৰ সতে জড়িত সেই ম’হৰ শিঙৰ পেঁপাটি নহয়। খেলাৰ বাবে ব্যৱহাৰ কৰা পেঁপাটি হ’ল নৰা পেঁপা। আঘোণৰ ধাননিবোৰত দাৱনীয়ে ধান দাই যোৱাৰ পাছত নৰাবোৰ ৰৈ যায়। ধান সেই নৰাবোৰৰ পৰাই দাৱনীসকলে বা ডাঙৰী কঢ়িয়াবলৈ যোৱা ঘৰৰ জ্যেষ্ঠসকলে সৰু সৰু ল’ৰা ছোৱালীকে পেঁপা সাজি দিছিল। সেই পেঁপা সাজিবৰ বাবে নৰাবোৰ নফটা ভাল নৰাৰ পাবৰ প্ৰয়োজন হয়। নৰাৰ পাবটোৰ এটা দিশে অৰ্থাৎ গুৰিৰ দিশে গাঁঠি থৈ আগ দিশটোৰ গাঁঠি আগত কাটি সেই দিশটো খোলা কৰি ল’ব লাগে। ওপৰৰ দিশে গাঁঠিটোৰ তলতে কাচিৰে পথালিকৈ আধা বা এক চেণ্টিমিটাৰ (নৰাৰ সৰু ডাঙৰ চাই) ৰেপ দি কাটে। সেই কটা ডোখৰত কাঁচি বা কটাৰীখন সুমুৱাই লাহেকৈ তললৈ ফালি আনিব লাগে। এক-ডেৰ ইঞ্চিমানলৈকে ফালি কাঁচি বা কটাৰীখন আঁতৰাই নিব লাগে। সেই ফলা অংশটোক পেঁপাটোৰ জিভা বুলি কয়। জিভাখন দুবাৰমান দাঙি উঠাই অলপ ঢিলা কৰি ল’ব লাগে। বতাহ নসৰকিলে পেঁপাটো নাবাজে। জিভাখনৰ তলত কাঁচিখনেৰে সৰু সৰু দুটামান বিন্ধা কাটে। তাৰ আগতে পেঁপাটো বাজে নে নাবাজে বজাই চায়। জিভাখন কঠিন হৈ থাকিলে পেঁপাটো নাবাজে। তেনেহ’লে পুনৰবাৰ আঙুলিৰে জিভাখন উঠা-নমা কৰি ঢিলা কৰি দিব লাগে। তেতিয়া জিভাখন থকা দিশটো মুখৰ ভিতৰত সুমুৱাই ফুঁ দিলে পেঁ পেঁ কৈ বাজি উঠে। সেই নৰাৰ পেঁপাবোৰ লৈয়ো সৰু ল’ৰা-ছোৱালীবিলাকে পেঁ পেঁ কৈ বজাই পথাৰত ঘূৰি ফুৰে। আকৌ ঘৰলৈ ঘূৰিলেও ৰাস্তাই ৰাস্তাই বজাই হুলস্থ²ল কৰে। পথাৰত ধান দাই থকা দাৱনীসকলক ল’ৰা-ছোৱালীবোৰ গৈ তেনে পেঁপাৰ বাবে আমনি কৰি থাকে। সেয়ে প্ৰত্যেককে একোটা পেঁপা সাজি দিছিল। সেইবোৰ কোনে কিমান জোৰকৈ বজাব পাৰে তাৰ প্ৰতিযোগিতা চলে। ইফালে পেঁ সিফালে পেঁকৈ বজাই পৰিৱেশ একেবাৰে হুলস্থূলীয়া কৰি পেলাইছিল। দাৱনীসকলেও সিহঁতৰ পেঁ পেঁ পেঁপাৰ শব্দত অতিষ্ঠ হৈ উঠিছিল। তথাপি তালৈ ভ্ৰূক্ষেপ নকৰি নৰা পেঁপা বজাই ল’ৰা-ছোৱালীবিলাকে পথাৰত স্ফূৰ্তি কৰিছিল। কাৰণ ইয়ো সিহঁতৰ বাবে খেলৰ এক অংশ আছিল। Facebook page: Traditional Sports and Games of Assam: Our Sports Our Pride Website: www.tsgnei.com Facebook page link:   / tsgassam   এই বিষয়ে ফেচবুক পে'জ Traditional Sports and Games of Assam: Our Sports Our Pride আৰু ৱেবচাইট www.tsgnei.com ত সবিশেষ তথ্য উপলদ্ধ হ'ব। ফেচবুক পে'জৰ লিংক :   / tsgassam  

Comments