У нас вы можете посмотреть бесплатно শক্তি প্ৰদৰ্শনৰ পৰম্পৰাগত খেল কলগছত ভুকুৱা или скачать в максимальном доступном качестве, которое было загружено на ютуб. Для скачивания выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса savevideohd.ru
#পৰম্পৰাগতখেল #জনপ্ৰিয়পৰম্পৰাগতখেলকলগছতভুকুওৱা #কলগছতভুকুওৱা #TraditionalSportsTV #Tsgnei.com কল গছত ভুকুওৱা আধুনিক বিশ্বত এবিধ খেলে বৰ্তমানে জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰা পৰিলক্ষিত হয়। সেই খেলবিধ হৈছে ‘বক্সিং’ খেল। অসমীয়াত বক্সিঙৰ প্ৰতিশব্দ সঠিকভাৱে ক’ব পৰা নহয় যদিও ‘ঘুচিয়া-ঘুচি’ খেল বুলি সহজ ভাষাত ক’ব পৰা যায়। বৰ্তমানে এই খেলৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে যে আমাৰ অসমৰ দৰে ঠাইৰ পৰাও ল’ৰা-ছোৱালী এই খেলৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। কিন্তু বক্সাৰৰ এই প্ৰক্ৰিয়া নতুন নহয়। অতীজতে আমাৰ গাঁৱৰ পাহুৱাল ডেকাসকলে নিজৰ হাতৰ মুঠি বজ্ৰসম কঠিন কৰি তুলিছিল। এনেয়েও খেতি কৰ্ম কৰোতে তেওঁলোকৰ শৰীৰৰ প্ৰতিটো অংগই হৈ পৰিছিল কঠিন। তাৰোপৰি হাতৰ মুঠি শক্তিশালী কৰিবলৈ তেওঁলোকে কলৰ গছত ঘোচা নিক্ষেপ কৰি হাতৰ আঙুলিৰ গাঠি কঠিন আৰু মজবুত কৰি তুলিছিল। তেওঁলোকৰ হাতত ইমানেই জোৰ আছিল যে কাৰোবাৰ হাতত ধৰিলে তেওঁ লৰচৰ কৰিব নোৱাৰিছিল। কলগছত ভুকুমাৰি কলগছ বগৰাই পেলোৱাৰ নিদৰ্শনো নোহোৱা নহয়। আনকি শুকান মাটিত ঘোচা মাৰি মাৰি ড গাঁত কৰাৰ নিদৰ্শনো আছে। গতিকে বক্সিঙৰ অনুশীলন আমাৰ অসম মুলুকতো এসময়ত আছিল। তেতিয়া কিন্তু আমাৰ গাঁৱৰ পাহুৱাল ডেকা বক্সিঙ খেলনো কি সেই বিষয়ে কিন্তু মুঠেও অৱগত নাছিল। কিন্তু নিজৰ হাতৰ মুঠি যে সবল আৰু কঠিন কৰিব লাগে সেই কথা জানিছিল। সেয়ে নিজৰ মুঠি মজবুত কৰিবৰ বাবে কলগছ ব্যৱহাৰ কৰিছিল। কোনে কলগছজোপাৰ পটুৱা ঠেটেলাব পাৰে তাৰো অৱশ্যে প্ৰতিযোগিতা চলিছিল। ফলস্বৰূপে কেতিয়াবা একোজোপা কলগছ বগৰাই পেলাইছিল। কিন্তু এতিয়া আৰু কলগছ বগৰোৱা সেই প্ৰতিযোগিতা লোপ পালে। Facebook page: Traditional Sports and Games of Assam: Our Sports Our Pride Website: www.tsgnei.com Facebook page link: / tsgassam এই বিষয়ে ফেচবুক পে'জ Traditional Sports and Games of Assam: Our Sports Our Pride আৰু ৱেবচাইট www.tsgnei.com ত সবিশেষ তথ্য উপলদ্ধ হ'ব। ফেচবুক পে'জৰ লিংক : / tsgassam